Show/Hide Keyboard Layout

অ’ সখি আহিব পিয়া

- জ্যোতিপ্ৰসাদ আগৰৱালা

অ’ সখি আহিব পিয়া

ৰূপহী জোনৰে

কিৰণ জকেমকাই

বিৰিখৰ পাততে আহিব পিয়া ।

 

সখীৰে চকুৰে

নিয়ৰ জকে মকাই

লাৱনী গালতে আহিব পিয়া ।

 

আমাৰে সখীয়ে

ইনাই বিনাই

বিৰহৰ বেদনাতে

মিলন বাসনাতে আহিব পিয়া ।।

 

 

Hits: 2388